Expired Domain Complete Details in Assamese

expired domain complete details

হে বন্ধুসকল স্বাগতম জনাও আমাৰ এই ৱেবচাইট তথা ব্লগ ASSAMSUPPORT.COM লৈ মই Hemanta আৰু আজি মই আপোনালোকক Expired Domain ৰ বিষয়ে কিছু জানিবলগীয়া কথা উল্লেখ কৰিম যিকেইটা যদি আপুনি ভালদৰে বুজি লয় ভবিষ্যতে কামত আহিব|

About Expired Domain

Expired Domain Name হৈছে সাধাৰণ domain Name ৰ নিচিনাই এটা domain name কিন্তু ইয়াক Second Hand Domain name বুলিও কব পাৰি | নামৰ পৰাই বুজিব পৰা যে এনেধৰণৰ domain name টো বেলেগে ব্যৱহাৰ কৰা |

Domain Name Register কৰাৰ পাছত প্ৰতি বছৰে Renew কৰাব লাগে আৰু তাৰ কাৰণে পইচাৰ প্ৰয়োজন হয়| কোনো লোকে Register কৰা domain name এবছৰৰ পাছত যেতিয়া Renew কৰাব লাগে তেতিয়া যদি তেওঁ সেই Domain Name টো Renew নকৰে তেতিয়া সেই domain name টো Expired Domain name ৰ List ত পৰে আৰু সেই Domain name টো বেলেগ কোনো লোকে নিজৰ নামত Registrar কৰি লব পাৰে আৰু তেওঁ ব্যৱহাৰ কৰিব পাৰে | এই ক্ষেক্ৰত প্ৰথমে Register কৰা লোক জনে একো কৰিব নোৱাৰে |

Reasons of Domain Expired

কোনো লোকে তেওঁৰ Domain name টো সহজতে Expired হবলৈ নিদিয়ে | কেইটামান বিশেষ কাৰণৰ বাবেহে Domain Name Expired হয় |

  1. উপাৰ্জন :- ধৰি লওঁক আজি মই এটা domain name register কৰিলো আৰু যদি সেই Domain name টোৰ পৰা এবছৰৰ ভিতৰত কোনো ধৰণৰ উপাৰ্জন নহয় তেতিয়া মই সেই domain name টো আকৌ renew নকৰাবও পাৰো | যদি মই সেই domain name টো আকৌ Renew নকৰো তেতিয়া সেই domain name টো Expired হৈ যাব আৰু কোনোবাই নিজৰ নামত Register কৰি লব পাৰিব |
  2. Google Ban :- কিছুমান domain name ক্ষেত্ৰত Domain name টো Google য়ে ban কৰি দিয়ে যাৰ ফলত সেই domain name টো আকৌ renew কৰা নহয় |
  3. Adsense:- Adsense Approval নোপোৱাৰ কাৰণেও কোনো কোনো লোকে তেওঁৰ domain name টো আকৌ renew নকৰে |
  4. Log-in :- কিছুমান ক্ষেত্ৰত domain name register কৰা Account টোৰ username password পাহৰি যোৱাৰ ফলতো Domain name টো Expired হোৱাৰ সম্ভাৱনা থাকে | কিন্তু Username and password আকৌ reset কৰিব পৰা যায় যদিহে আপোনাৰ mobile no, gmail id domain name register কৰোতে দি থোৱা আছে আৰু সেই Mobile no, Gmail আপোনাৰ ওচৰত আছে|
  5. Illegal use:- কিছুমান ক্ষেত্ৰত domain name টো illegal ভাৱে used কৰা হয় আৰু সেই domain name টো এৰি দিয়ে |
  6. Specific time:- কিছুমান ক্ষেত্ৰত সময় সাপেক্ষে domain name register কৰা হয় আৰু সেই সময় খিনি গুচি যোৱাৰ পাছত সেই domain name টোৰ কোনো কাম নাথাকে তেতিয়া সেই domain টো আকৌ renew কৰা নহয় |
  7. পাহৰি যোৱা :- কিছুমান ক্ষেত্ৰত Domain name register কৰা লোক জনে domain name টো আকৌ renew কৰাব পাহৰি যায় যাৰ ফলত domain name টো Expired হৈ যায় | কিন্তু domain name register কৰা কোম্পানীৰ ফালৰ পৰা mail কৰা হয় যে আপোনাৰ domain name টো 00/00/0000 তাৰিখে Expired হব আপুনি renew কৰি লওক |

Buy Expired Domain

expired domain register কৰিলে কিছুমান সুবিধা ৰ লগতে কিছুমান অসুবিধাৰো সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে |

সুবিধা :-

  • Domain Authority, Page Authority বেছি থাকে|
  • অতি সহজে Rank কৰিব পৰা যায় |
  • আৰম্ভণিৰ পৰাই Traffic অহাৰ সম্ভাৱনা অধিক হয় |

অসুবিধা:-

  • Google য়ে ban কৰি দিয়া domain হলে যিমানেই টেষ্টা কৰিলেও আকৌ Google য়ে Search Result ত Show নকৰিব যাৰ ফলত Domain টো কোনো কামত নাহিব |
  • Domain Name টোত যদি আগৰ পৰাই Adsense Approval লোৱা থাকে তেন্তে আকৌ সেই domain name টোত Adsense approval নিদিবও পাৰে |

Conclusion: আজিৰ এই পষ্ট টোত মই আপোনালোকক Expired Domain Name ৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ চেষ্টা কৰিলো | আশা কৰো আপুনি ভালদৰে বুজি পালে যদি.কিবা বুজি পোৱাত অসুবিধা পালে তেন্তে কমেন্টত সুধিব পাৰে আৰু বন্ধুবৰ্গৰ সৈতে share কৰিবলৈ নাপাহৰিব “ধন্যবাদ”

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here