Google Adsense Complete Details for beginner

Google adsense complete details for beginner

what is Adsense ? Adsense কি ? যদি আপোনাৰো মনত প্ৰশ্ন হয় তেন্তে আজিৰ এই পষ্ট টো সম্পূৰ্ণকৈ পঢ়িবলৈ নাপাহৰিব আজিৰ এই পষ্ট টোত মই আপোনালোকক Adsense কি? Adsense ৰ পৰা কেনেকৈ উপাৰ্জন কৰিব পাৰি ? ইয়াৰ পৰা উপাৰ্জন কৰা পইচা বেংকত লব পৰা যায় নে নেযায় ? কিমান টকা উপাৰ্জন কৰাৰ পাছত বেংকত লব পৰা যায় ? ইৰাৰ পৰা পইচা উপাৰ্জন কৰিবলৈ কি কি কৰিব লাগা হয়? গোটেই খিনি প্ৰশ্নৰ উত্তৰ আজিৰ এই পষ্ট টোত পাই যাব | তেন্তে আহক আৰম্ভ কৰো নে কি কয় ~ প্ৰথমতে আমি বুজি লও যে Adsense কি?

What is Adsense

Adsense হৈছে এটা Google ৰ product ইয়াৰ দ্বাৰা online Ads দেখুৱাব পাৰা যায় আৰু সেই Ads ৰ পৰা উপাৰ্জন কৰিব পাৰা যায় |

Types of Adsense Account

Adsense Account দুই ধৰণৰ দোখিবলৈ পোৱা যায় ~

  • Hosted Adsense Account :- Goole ৰ Hosting বা Google ৰ product ব্যৱহাৰ কৰি Approved লোৱা Account Hosted Account হয়|
  • Non Hosted Adsense Account:- নিজৰ Hosting, Domain নিজে খৰচ কৰি বনোৱা product বা website এটাৰ বাবে Approved লোৱা Account Non Hosted Account হয় |

Hosted Adsense account

Google ৰ Hosting ব্যৱহাৰ যদি online উপাৰ্জন কৰিব বিচাৰে মানে যদি YouTube ত এটা YouTube channel, Blogger.com ৰ Blog বা Android Apps ৰ পৰা যদি উপাৰ্জন কৰিব বিচাৰে আৰু Adsense ৰ কাৰণে Apply কৰে|Google ৰ Hosting ব্যৱহাৰ কৰি Adsense Account Approved কৰা হয় তেতিয়া আমাক এটা Hosted Adsense Account দিয়া হয় |

Hosted Adsense Account ত publisher ক মানে যাৰ Adsense account হয় তাক Ads ৰ পৰা উপাৰ্জন হোৱা Revenue ৰ 55% দিয়া হয় আৰু Google য়ে 45% Revenue নিজে ৰাখে|

Non Hosted Adsense Account

যদি আপুনি নিজৰ Hosting, নিজৰ Domain লৈ কোনো এটা website বা Blog বনায় তাত Adsense ৰ Ads দেখুৱাব বিচাৰে আৰু Adsense ৰ কাৰণে Apply কৰে তেতিয়া আপোনাক এটা Non Hosted Adsense Account দিয়া হয় | মই জনা মতে মাত্ৰ Blog বা Website ৰ পৰা Approved লোৱা Adsense Account হে Non Hosted Adsense Account হয় |

Non Hosted Adsense Account ত Publisher ক Ads ৰ পৰা হোৱা মুঠ Revenue ৰ 68% দিয়া হয় আৰু 32% Google য়ে নিজে ৰাখে |

কিন্তু আপোনাৰ যদি এটা Hosted Account আছে আৰু যদি আপুনি আপোনাৰ Blog Website ৰ কাৰণে Apply কৰে আৰু Approved পায় যায় তেতিয়া আপোনাৰ Hosted Account টো Non Hosted Account লৈ পৰিবৰ্তন হৈ যাব| যদিও Non Hosted লৈ পৰিবৰ্তন হয় আপোনাৰ YouTube , Android Apps আৰু Blogger.com ৰ পৰা উপাৰ্জন হোৱা Revenue ৰ 55% হে আপোনাক দিয়া হব আৰু Hosing, Domain লৈ Ads দেখুওৱা Blog website টোৰ Revenue ৰ 68% য়েই দিয়া হব |

কিমান ঠাইত Ads দেখুওৱাব পাৰি ~

Blog, Website, YouTube Channel আৰু Apps ত হে আপুনি Adsense ৰ Ads ব্যৱহাৰ কৰিব পাৰিব আৰু ইয়াৰ পৰা উপাৰ্জন কৰিব পাৰিব |

Adsense ৰ Ads দেখুৱালৈ আপোনাৰ ওচৰত এটা YouTube channel , এটা Android Apps আৰু এটা Blog বা website হোৱাটো দৰকাৰ আৰু সেই product টো Adsense ৰ নিয়ম সমূহ মানি চলিব লাগিব তেতিয়াহে আপুনি আপোনাৰ products টোত Adsense ৰ Ads ব্যৱহাৰ কৰিব পাৰিব |

এজন ব্যক্তিয়ে কিমানটা Adsense account ব্যৱহাৰ কৰিব পাৰে~

Adsense ৰ নিয়ম মতে এজন ব্যক্তিয়ে কেৱল এটাহে Adsense Account ৰাখিব পাৰে | যদি এটাতকৈ বেছি Adsense Account ৰাখে আৰু যদি কেনেবাকৈ ধৰা পৰে তেওৰ দুয়োটাই Account বন্ধ কৰি দিয়া হব পাৰে আৰু সেই ব্যক্তিজনৰ নামত Adsense account বনাব পৰা নাযায় |

এটা Adsense account ৰ পৰা কিমানটা Product ত Ads ব্যৱহাৰ কৰিব পাৰি ~

এজন ব্যক্তিয়ে কেৱল এটা Adsense account হে ব্যৱহাৰ কৰিব পাৰে কিন্তু সেই Adsense Account টোৰ পৰা তেওঁ যিমান পাৰে সিমানটা products ত Ads ব্যৱহাৰ কৰিব পাৰে|

যদি তেওঁৰ যিমানটা YouTube channel আছে আৰু লগতে যিমানটা blog, website আছে আৰু যিমানটা Apps আছে গোটেইখিনিতে এটা Adsense Account ৰ পৰাই Ads দেখুৱাব বা ব্যৱহাৰ কৰিব পাৰিব|

Adsense ৰ কাৰণে কেনোকৈ Apply কৰিব ~

Google Adsense ৰ কাৰণে Apply কৰিবলৈ কোনো এটা product হোৱা দৰকাৰ ~

YouTube :-

যদি আপোনাৰ এটা YouTube channel আছে আৰু সেই channel টো Adsense ৰ কাৰণে Ready হৈ আছে মানে YouTube ৰ নতুন নিয়ম মতে যদি আপোনাৰ channel ত 1,000 টা Subscriber আৰু 4,000 ঘন্টা watch time complete হৈ আছে তেতিয়া আপুনি Adsense ৰ কাৰণে Apply কৰিব পাৰে |

Apps (Admob) :-

Apps ত যদি Ads ব্যৱহাৰ কৰিব বিচাৰে তেন্তে এটা Admob account create কৰিব লাগে | যদি আপোনাৰ আগৰ পৰাই Adsense account আছে সেই Adsense account টোৰ পৰাই Admob Account Create কৰি লব পাৰিব আৰু যদি আগৰ পৰা Adsense account নাই তেনেহলে এটা Admob account create কৰিব লাগিব আৰু Admob account create কৰাৰ লগে লগে এটা Adsense account automatically create হৈ যায় আৰু Admob ৰ পৰা Apps ত Ads দেখুওৱা পাৰিব |

Blog Website :-

Blog Website ত যদি Ads ব্যৱহাৰ কৰিব বিচাৰে তেন্তে আপুনি Direct blog website টোৰ বাবে Adsense Apply কৰিব পাৰিব | যদি blog website টো Adsense ৰ কৰণে Ready তেন্তে আপুনি Approved পাই যাব আৰু Direct Adsense পৰা Ads ব্যৱহাৰ কৰিব পাৰিব|

ইয়াৰ পৰা উপাৰ্জন কৰা পইচা বেংকত লব পৰা যায় আৰ নে নাই :-

Google Adsense ৰ পৰা উপাৰ্জন কৰা পইচা Direct bank account ত লব পৰা যায় |

যদি আপুনি Adsense Ads ব্যৱহাৰ কৰে আৰু Adsense account ত $10 complete হয় তেতিয়া আপুনি Adsense ত আপোনাৰ Identity আৰু Address verification কৰাব লাগিব আৰু bank account Add কৰিব লাগিব |

যেতিয়াই আপোনাৰ Adsense account ত $100 complete হব তেতিয়াই আপগ Add কৰা bank account ত পইচাখিনি পাবলৈ সক্ষম হব |

পঢ়িবলৈ নাপাহৰিব :- Adsense Identity and Address Verification Complete Process

Conclusion:-

আজিৰ এই পষ্ট টোত মই আপোনালোকক Adsense ৰ বিষয়ে কিছু কবলৈ চেষ্টা কৰিলো ~ আশা কৰো আপুনি ভালদৰে বুজি পালে ~ অনুগ্ৰহ কৰি এই পষ্ট টো বন্ধুসকললৈ share কৰিবলৈ আৰু আপোনাৰ পৰামৰ্শ দিবলৈ নাপাহৰিব “ধন্যবাদ”

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here