How To Create Backlink For Website in Assamese

how to create backlink

হে বন্ধুসকল স্বাগতম জনাও আমাৰ এই ৱেবচাইট তথা ব্লগ assamsupport.com লৈ মই Hemanta আৰু আজিৰ এই পষ্ট টোত মই আপোনালোকক Backlinks কি , কিয় প্ৰয়োজন, কেনেকৈ কাম কৰে আৰু কেনেকৈ বনাব পাৰি তাৰ বিষয়ে কবলৈ চেষ্টা কৰিম যিকেইটা Tips Follow কৰি আপুনি আপোনাৰ blog, website ৰ বাবে Backlink বনাব পাৰিব|

What is Backlink :-

যেতিয়া কোনো বেলেগ blog বা website ত অন্য কোনো বেলেগ blog, website ৰ url দেখিবলৈ পোৱা যায় তেতিয়া তাক backlink বুলি কোৱা হয় |

Important of backlink

কোনো এটা blog বা website search Engine ত Rank কৰাবলৈ backlink ৰ খুবেই প্ৰয়োজন |

How Its Work

যেতিয়া কোনো বেলেগ website ত আপোনাৰ blog ৰ url Search Engine য়ে দেখা পায় তেতিয়া আপোনাৰ blog টো এটা ভাল, user ৰ বাবে উপযোগী , উপযুক্ত content আছে বুলি ভাবে কাৰণ অন্য website য়ে আপোনাৰ blog টো url তেওঁৰ website ত দিছে |

যদি আপোনাৰ blog টোৰ url ডাঙৰ ডাঙৰ website ত Search Engine য়ে দেখা পায় তেতিয়া আপোনাৰ blog টো আৰু বেছি ভাল বুলি ভাবে যাৰ কাৰণে আপোনাৰ blog টো Search Results ত Rank কৰিবলৈ সক্ষম হয় |

যেতিয়া Search Engine য়ে website এটা Crawl কৰি থাকে আৰু সেই website টোত আপোনাৰ blog ৰ url দেখা পায় আৰু সেই url টো Do follow url হয় তেতিয়া সেই website টোত লগতে আপোনাৰ blog টো crawl কৰি লয় যাৰ ফলত আপোনাৰ blog টো index হয় আৰু আপোনাৰ blog টো Search Results ত দেখিবলৈ পোৱা যায়|

Types of Backlinks

সাধাৰণতে দুই প্ৰকাৰৰ backlink দেখিবলৈ পোৱা যায় ~

কোনো বেলেগ website য়ে যেতিয়া আপোনাৰ blog ৰ url তেওঁৰ website ত দিয়ে তেতিয়া তেওঁ দুই প্ৰকাৰৰ backlink দিব পাৰে~

Do-Follow Backlink

যেতিয়া কোনো website ত আপোনাৰ blog ৰ url add কৰোতে Do-Follow দিয়ে তেন্তে যেতিয়া সেই website টোত Search Engine য়ে Crawl কৰিব তেতিয়া আপোনাৰ blog ৰ url টোত Do follow চাবলৈ পায় তেতিয়া সেই url টোৰ ভিতৰলৈ যায় আৰু crawl কৰে |

No-Follow Backlink

আৰু যেতিয়া কোনো website ত আপোনাৰ blog ৰ url add কৰোতে No-Follow Tag দিয়ে তেন্তে যেতিয়া সেই website টোত Search Engine য়ে Crawl কৰিব তেতিয়া আপোনাৰ blog ৰ url টোত No follow চাবলৈ পায় তেতিয়া সেই url টোৰ ভিতৰলৈ নাযায়|

How To Create Backlinks

কোনো এটা website ত আপোনাৰ blog ৰ url Add কৰাই হল backlink create কৰা |Backlink create কৰিবলৈ কেইবাটাও পদ্ধতি অৱলম্বন কৰিব পৰা যায় ~

Guest Post Backlink :-

Guest Post কৰি লোৱা backlink high quality backlink বুলি গণ্য কৰা হয় | যিকোনো ডাঙৰ blog ত Guest post publish কৰি backlink লব পৰা যায় | আপুনি কোনো blog owner ক contact কৰিব পাৰে আৰু তেওঁক কব পাৰে যে মই আপোনাৰ blog ত এই বিষয়ত এটা Article লিখিব বিচাৰো আৰু মোক এটা backlink দিব লাগিব যদি তেওঁক ভাল লাগে তেন্তে তেওঁ নিচ্চয় অনুমতি দিব আৰু আপোনাৰ Article টো publish কৰিব | বেলেগৰ blog ত Guest post কৰিবলৈ হলে নিজে লিখা content হব লাগিব লগতে ভাল content হব লাগিব তেতিয়াহে সেই blog ৰ owner জনে আপোনাৰ Article টো publish কৰিব |

প্ৰায় সকলোবোৰ blog য়ে Guest Post Allow কৰে কিন্তু কিছুমান condition থাকে | আপুনি যিকোনো blog ত guest post কৰিব পাৰে আৰু অতিকমেও এটা backlink লব পাৰে |

যদি আপুনি ইচ্ছা কৰে তেন্তে আপুনি আমাৰ ইয়াতো Guest Post Publish কৰিব পাৰে |

Comment Backlink :-

Comment ৰ দ্বাৰাও back link লব পৰা যায় | যদি আপুনি ইচ্ছা কৰে বেলগ বেলেগ website ত গৈ comment কৰিব পাৰে আৰু তাত আপোনাৰ blog ৰ url দিব পাৰে |

Comment ৰ পৰা লোৱা backlink Search Engine য়ে ইমান গুৰুত্ব নিদিয়ে তথাপিও Comment ৰ পৰা লোৱা backlink কামত আহে |

সকলো website য়ে comment ত দিয়া backlink Do Follow নিদিয়ে যদি আপুনি comment ৰ পৰা do follow backlink বনাব বিচাৰে তেন্তে Do Follow backlink দিয়া websit বাছিব লাগিব আৰু তাত আপোনাৰ blog ৰ url দি Comment কৰিব লগিব |

Buy Backlink :-

কোনো ডাঙৰ website ৰ পৰা backlink purchase কৰিব পৰা যায় | আপুনি ভাল website ৰ পৰা backlink purchase কৰিব পাৰে, কোনো ডাঙৰ website ৰ owner ক contact কৰিও backlink purchase কৰিব পাৰে বা Fiber ত গৈও কোনো ভাল rating চাই backlink purchase কৰিব পাৰে |

backlink purchase কৰোতে আপুনি ভালদৰে চাই মেলি লব যে তেওঁ আপোনাক Post ৰ মাজত backlink দিব নে comment backlink দিব নে অন্য কোনো প্ৰকাৰৰ backlink provide কৰিব, লগতে backlink দিয়া website. টো কিমান ভাল DA, PA কিমান চাই মেলিহে backlink purchase কৰিব | তথাপিতো মই কম যে backlink purchase নকৰাই ভাল |

Exchange backlink :-

যদি আপুনি ইচ্ছা কৰে অন্য কোনো আপোনাৰ blog ৰ সমান থকা blog ৰ owner ৰ লগত contect কৰিব পাৰে আৰু backlink ৰ সলনি backlink বিচাৰিব পাৰে |

এনেকুৱা কে আপুনি আপোনাৰ blog ৰ সমান যিমান blog আছে সকলোৰে পৰা backlink লব পাৰে | কিন্তু high quality backlink লবলৈ লবলৈ টেষ্টা কৰিব blog post ৰ মাজত লবলৈ চেষ্টা কৰিব |

যদি আপুনি আপোনাতকৈ ডাঙৰ blog ৰ পৰা backlink সলনি backlink লব বিচীৰে তেন্তে ডাঙৰ blog বোৰে আপোনাক backlink নিদিবও পাৰে |

Ask Your Friends :-

যদি আপোনাৰ কোনো বন্ধু বা পৰিয়ালৰ কোনো সদস্যৰ বা চিনাকি কাৰোবাৰ website আছে তেন্তে আপুনি তেওঁক request কৰিব পাৰে আৰু backlink provide কৰিব কব পাৰে | যদি তেওঁ আপোনাৰ লগত ভাল তেন্তে তেওঁ আপোনাক নিশ্চয় backlink দিবলৈ চেষ্টা কৰিব |

Social Media

blog website ৰ কাৰণে social media ত page create কৰক ইয়াৰ পৰা do follow backlink পোৱা নাযায় তথাপিও আপোনাৰ blog, website টো rank কৰাত যথেষ্ট অৰিহণা যোগাই ~

আপুনি FacebookPage Create কৰক, instagram ৰ Account বনাওক, Twitter ত Account বনাওক, LinkedIn ত Account বনাওক লগতে Quara, Pinterest, আৰু যিমান social media আছে তাত আপোনাৰ blog website টোৰ বাবে Account বনাওক আৰু যেতিয়াই আপুনি নতুন পষ্ট publish কৰে Social Media ত Share কৰিবলৈ নাপাহৰিব |

Conclusion :-

আজিৰ এই পষ্ট টোত মই আপোনালোকক backlink ৰ লগত মিল থকা কিছু কথা কবলৈ চেষ্টা কৰিলো | আশা কৰো আপুনি আজিৰ এই পষ্ট টো পঢ়ি ভাল পালে| যদি কিবা বুজি পোৱাত অসুবিধা হল তন্তে comment ত সুধিব পাৰে মই আপোনাৰ সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিম | “ধন্যবাদ”

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here