YouTube vs Blogging which is the best in Assamese

Youtube vs Blogging

হে বন্ধুসকল স্বাগতম জনাও আমাৰ এই ৱেবচাইট তথা ব্লগ assamsupport.com লৈ মই Hemanta আৰু আজি মই আপোনালোকক YouTube vs Blogging ৰ বিষয়ে কিছু আলোচনা কৰিবলৈ চেষ্টা কৰিম ,

YouTube vs Blogging কোনটো ভাল option online উপাৰ্জন কৰিবলৈ, কৰ পৰা আমি অধিক উপাৰ্জন কৰিব পাৰো, ক’ত আমি Famous হব পাৰো, কম কষ্টত ক’ত সফল হব পৰা যায়, আৰম্ভ কৰোতে কিমান মূলধন লগাব লাগে আৰু কোনটো option ভবিষ্যতৰ কাৰণে ভাল? এনেকুৱা প্ৰশ্ন যদি আপোনাৰ মনতো আছে তেন্তে আমাৰ এই পষ্ট টো সম্পূৰ্ণকৈ পঢ়িবলৈ নাপাহৰিব আজিৰ এই পষ্ট টোত মই আপোনালোকক এই গোটেই খিনি প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম ~

YouTube vs Blogging

YouTube আৰু Blogging দুয়োটাই হৈছে online উপাৰ্জন কৰিবলৈ ভাল platform আৰু কিছুমান পদ্ধতি আছে যিবোৰৰ পৰাও online earning কৰিব পৰা যায় কিন্তু আজিৰ এই পষ্ট টোত মই আপোনালোকক কেৱল YouTube আৰু Blogging ৰ বিষয়ে কিছু জানিবলগীয়া কথা উল্লেখ কৰিম|

YouTube কি নজনা লোক নাই| অসমত প্ৰায় সকলোবোৰ যুব প্ৰযন্মই YouTube কৰিব খোজে বা ভাবে তেওলোকে YouTube ৰ পৰা উপাৰ্জন কৰিব বিচাৰে আৰু চাবলৈ গলে YouTube ত অসমীয়া channelৰ সংখ্যা বহুত বেছি|

আনহাতে Blogging কি? অসমৰ প্ৰায়ভাগ লোকেই নাজেনে অসমৰ লোকৰ বাবে এইটো এটা নতুন বস্তু | আৰু বহুত কম সংখ্যক লোকেহে ইয়াত Career বনাব বিচাৰে সেয়েহে অসমত Blogging কৰা লোকৰ সংখ্যা অতি কম আৰু Blog ৰ সংখ্যা অতি নগণ্য |

মোৰ মতে দুয়োটাই ভাল, দুয়োটাতেই ভাল উপাৰ্জন কৰিব পৰা যায়, দুয়োটাতেই Famous হব পৰা যায়, দুয়োটাতেই কষ্ট কৰিব লাগে আৰু দুয়োটাতেই ধয্য লগতে সময়ৰ প্ৰয়োজন | তলত মই কেইটামান গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছো যিকেইটা ভালদৰে বুজি লই আপোনি কোনো এটা বাছি লব পাৰিব ~

Earning :-

উপাৰ্জনৰ দিশৰ পৰা চাবলৈ গলে দুয়োটাতেই ভাল উপাৰ্জন কৰিব পৰা যায়| দুয়োটাতেই Google Adsense ৰ Ads ব্যৱহাৰ কৰিব পাৰি , দুয়োটাতেই Sponsorship লগতে Affiliate marketing ৰ পৰা উপাৰ্জন কৰিব পৰা যায় |

Google Adsense Earning

YouTube ত কৈ blogging ত Google Adsense ৰ পৰা অধিক উপাৰ্জন কৰিব পৰা যায় | YouTube ত কৈ blogging ত Google Adsense ৰ ব্যৱহাৰ কৰিলে অধিক CPC পোৱা যায় | YouTube ত 1 click ত 0.01 ৰ পৰা 0.05 লৈকে CPC পোৱা যায় আৰু প্ৰায় 2,000 ৰ পৰা 5,000 view ত $1 হয়

কিন্তু Blog ত CPC অধিক হয় 1 click ত 0.01 ৰ পৰা 0.30 প্ৰযন্ত পাব পৰা যায় আৰু ইয়াত প্ৰায় 500 টা Page View ত $1 পাব পৰা যায় |

Blog ৰ পৰা Approved লোৱা Adsense account Non Hosted Adsense account হয় য’ত 68% Revenue পোৱা যায় আৰু YouTube ৰ পৰা Approved লোৱা Adsense account Hosted Adsense account হয় য’ত 55% Revenue Publisher য়ে পায় আৰু বাকি 45% YouTube য়ে নিজি ৰাখে |য যাৰ ফলত YouTube ত কে Blagging ত অধিক উপাৰ্জন কৰিব পৰা যায়|

Adsense Approval

YouTube আৰু Blog দুয়োটাতেই Adsense approval লোৱাটো এমান এটা সহজ কাম নহয় ~

YouTube ত Adsense approval লবলৈ 1,000 Subscriber আৰু 4,000 ঘন্টা Watch Time সম্পূৰ্ণ কৰিব লাগিব তাৰ পাছত আপোনাৰ Channel টো Adsense ৰ কাৰণে Apply কৰিব পাৰিব তাৰ পাছত যদি Channel টো Adsense ৰ বাবে সক্ষম নহয় তেতিয়া Approved নিদিবও পাৰে কিন্তু Adsense ৰ নিয়ম মানি চলিলে সহজতে Approved লব পাৰি |

আনহাতে Blog টো Adsense ৰ কাৰণে Apply কৰাৰ কাৰণে কোনো নিৰ্ধাৰিত সময় আৰু কোনোধৰণৰ যোগ্যতাৰ আশ্যক নাই আপুনি blog টো create কৰাৰ লগে লগে Adsense ৰ কাৰণে Apply কৰিব পাৰিব | কিন্তু blog ত Adsense approval লবলৈ বৰ কঠিন প্ৰায় এক মাহ মান ভালদৰে কাম কৰি 30-35 টা post publish কৰি Adsense ৰ নিয়ম মানি Adsense ৰ কাৰণে Apply কৰিলে অতি সহজে Adsense approval লব পৰা যায় | কিছুমান blog 4-5 দিনতো আৰু কিছুমান 3-4 মাহ মানো লাগে Adsense approval পাবলৈ|

Google Adsense ৰ ফালৰ পৰা চাবলৈ গলে YouTube ত কৈ Blogging ত বেছি উপাৰ্জন কৰিব পৰা যায় | আৰু blogging ত Adsense approval লোৱাত কম সময়ৰ প্ৰয়োজন |

read this…

What is Google Adsense

Adsense identity and pin verification process

SponsorShip

Blog ত কৈ YouTube ত বেছিকৈ SponsorSip পোৱা যায় | Youtube ত SponSorShip ৰ পৰা অধিক উপাৰ্জন কৰিব পৰা যায় কিন্তু Sponsorship পাবলৈ YouTube Channel টোত অধিক Subscriber লতে অধিক Views ৰ প্ৰয়োজন |

Affiliate marketing

YouTube আৰু Blog দুয়োটাতেই Affiliate marketing কৰিব পৰা যায় দুয়োটাতেই Affiliate marketing ৰ পৰা অধিক উপাৰ্জন কৰিব পৰা যায় | Category চায় Affiliate marketing কৰিব লগা হয় যাৰ ফলত Affiliate marketing ৰ commission নিৰ্ধাৰিত হয় | Blog ত Affiliate Banner লগাব পৰা যায় যাৰ ফলত Blog ত Affiliate কৰিলে Commission বেছি পোৱা যায়, যদিও দুয়োটাতেই Affiliate marketing ৰ পৰা ভাল উপাৰ্জন কৰিব পৰা যায় |

Read.

What is Affiliate Marketing Earn money from affiliate marketing

Investment :-

YouTube ত ইমান এটা investment কৰিব নালাগে ইয়াত মাত্ৰ video বনাই upload কৰিলেই হল ইয়াত Hosting YouTube য়েই দিয়ে মাত্ৰ Video টো বনাওতে কিছুমান বস্তুৰ প্ৰয়োজন কিন্তু আৰম্ভ কৰোতে মূলধন নলগালেও কোনো কথা নাই | আপোনাৰ হাততে থকা mobile বা desktop ৰ পৰা আৰম্ভ কৰিলেই হল |

কিন্তু Blogging ত অৰম্ভণিতে কিছু মূলধন লগাব লগীয়া হয় | blagging আৰম্ভ কৰিব লওঁতে এটা Top Level Domain name ক্ৰয় কৰিব লাগে যিটো আপুনি ₹99 – ₹699 ৰ ভিতৰত এবছৰৰ কাৰণে পাই যাব | আৰু blog টো Host কৰিবলৈ এটা Hosting ৰ প্ৰয়োজন যিটো আপুনি মাহেকীয়া ছমহিয়া বা বছৰেকীয়া হিচাপত লব পাৰে আৰু এইটো মাহেকত ₹99 – ₹500 টকা পৰ্য্যন্ত লাগিব পাৰে যদি এবছৰৰ কাৰণে লয় অলপ কমতেই পাই যাব | Namecheap ত ₹1,000 – ₹1,200 টকাত এবছৰৰ কাৰণে লব পাৰে কিন্তু Namecheap ৰ পৰা ক্ৰয় কৰিব হলে international debit বা credit card ৰ প্ৰয়োজন হব |

Go to Namecheap

আৰু যদি আপুনি এটা Top Level Domain লৈ Blogger.com ত আপোনাৰ ব্লগ টো host কৰিব পাৰে | যিটো YouTube ৰ দৰে Google ৰ product হয় আৰু একেবাৰে Free হয় |

Easy or Hard

চাবলৈ গলে কষ্ট নকৰাকৈ কোনো কামত সফল হব পৰা নাযায় কিন্তু YouTube আৰু Blogging ক লক্ষ কৰিলে | YouTube ত কৈ Blogging ত বেছি কষ্ট কৰিব লগা হয় |

YouTube ত আমি মাত্ৰ video upload কৰিলেই হল আৰু মাজে সময়ে Share কৰিব লাগে আৰু বাকি সকলো কাম YouTube য়ে নিজে কৰি দিয়ে কিন্তু

Blogging ত আমি এটা Article লিখিলে on page seo কৰি Article টো লিখিব লাগিব , পষ্ট টো publish কৰাৰ পাছত Backlink, Social Media Share আৰু বহুতো কিবা কিবি কৰিব লাগে যদিহে পষ্ট টো search engine ত rank কৰাব বিচাৰো বা views লাগে |

মোৰ মতে YouTube ত কৈ blogging বেছি কষ্টকৰ হয় | blogging ত বহুতো কথা লক্ষ্য ৰাখিব লগা হয় |

Famous

Blogging ত কৈ YouTube কৰিলে বেছি popular হব পৰা যায় YouTube কৰিলে বেছি মানুহে চিনি পায় |

Blogging ত বেছি মানুহে আপোনাক চিনি নাপাবও পাৰে | যদিহে আপোনাৰ blog টো বহুত বেছি popular হয় তেতিয়াহে আপোনাক বেছি মানুহে চিনি পাব ~

Feature Scope

ভবিষ্যতৰ কথা লক্ষ্য কৰিলে মোৰ মতে দুয়োটাই সমান সমান যদিও blogging টো বেছি ভাল হব বুলি মই ভাবো | Blog টো সম্পূৰ্ণ নিজৰ হয় ইয়াৰ মালিক কেৱল আপুনি | Blogging ত আপুনি বহুতো নজনা কথা, SEO, LINK Building, Website Developer আৰু বহুতো বিষয়ে জানিব পাৰিব আৰু ভবিষ্যতে কামত আহিব | লগতে আপোনি blog টোত ভালদৰে কাম কৰি গৈ থাকিলে ভবিষ্যতে আপোনাৰ ব্লগটো ইমানেই popular হব যে আপুনি একো নকৰাকে ঘৰতে বহি বহি উপাৰ্জনকৰিবলৈ সক্ষম হব |

YouTube Channel টো হে আপোনাৰ কিন্তু YouTube টো আপোনাৰ নহয়, কিবা ভূল কৰিলে আপোনাৰ channel টো permanently delete হৈ যাব পাৰে তেতিয়া আপুনি একো কৰিব নোৱাৰে | আৰু অলপ সময়ৰ পিছত আপোনাৰ Subscribe, viewers , Fans বোৰে আপোনাক লাহে লাহে Follow কৰিবলৈ কমাই দিব, নতুন নতুন YouTuber আহিব যাৰ ফলত আপোনাৰ viewers subscriber বোৰ বেলেগ channel লৈ ঢাল খাব | আজিৰ দিনতো YouTube ত এনেকুৱা হোৱা দেখা যায় | তথাপিও YouTube ৰ পৰা আপুনি আপোনাৰ brand বনায় নতুন business আৰম্ভ কৰিব পাৰিব |

Conclusion:-

আজিৰ এই পষ্টটোত মই আপোনালোকক Youtube vs blogging ৰ কিছুমান জানিবলগীয়া কথা কবলৈ চেষ্টা কৰিলো ~ আশা কৰো আপুনি ভালদৰে বুজি পালে আৰু কোনটো আপোনাৰ কাৰণে ভাল হব বাছিব পাৰিলে | যদি আপুনি ইচ্ছা কৰে Manage কৰিব পাৰে YouTube আৰু blogging দুয়োটাই Try কৰি চাব পাৰে | অনুগ্ৰহ কৰি এই পষ্ট টো আপোনাৰ বন্ধু, পৰিয়ালৰ লগত share কৰক যিয়ে online earning কৰিম বুলি ভাবি আছে | আৰু মোৰ YouTube channel টো subscribe কৰি লবলৈ নাপাহৰিব Subscribe “ধন্যবাদ”

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here